সমললৈ যাওক

কনকসেন ডেকা

ৱিকিউদ্ধৃতিৰ পৰা

কনকসেন ডেকা (ইংৰাজী: Kanaksen Deka) অসমৰ এজন প্ৰসিদ্ধ সাহিত্যিক, শিক্ষাবিদ, নাট্যকাৰ‎, চিন্তাবিদ আৰু সাংবাদিক। তেখেত অসম সাহিত্য সভাৰ ছিপাঝাৰ, চাপৰ অধিবেশন, বেলশৰ আৰু দক্ষিণপাট বিশেষ বাৰ্ষিক অধিবেশনৰ সভাপতি আছিল। সামাজিক-সাংস্কৃতিক সংগঠন 'অসম ষ্টাৰ'-এ কনকসেন ডেকালৈ ২০২১ বৰ্ষত সাংবাদিকতাৰ জীৱনজোৰা সাধনা বঁটা ঘোষণা কৰে ৷ কামৰূপ জিলাৰ বেলশৰ গাঁৱৰ এক মধ্যবিত্ত পৰিয়ালত ১৯৩৩ চনৰ ১৬ জুলাইত কনকসেন ডেকাৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম গৌৰীসেন ডেকা আৰু মাতৃৰ নাম তাৰাসেন ডেকা।

  1. প্ৰকৃত মানুহ হ'বলৈ হ'লে নিজকে মানৱ পৰিয়ালৰ অংশীদাৰ হিচাপে দৃষ্টিভংগী বহলাই ল'ব পাৰিব লাগে।[]
  2. যি ধনৰ স'তে শ্ৰমৰ সম্পৰ্ক নাই, সেই ধনে মানুহক কেতিয়াও প্ৰকৃত শান্তি আনি দিব নোৱাৰে। বৰঞ্চ এক গধুৰ বোজা হৈ পৰে।[]
  3. এই যুগত কোনো এখন সমাজৰ লোকৰ পক্ষে অকলে থকাটো সম্ভৱ নহয়। বিভিন্ন সম্প্ৰদায়ৰ, বিভিন্ন সমাজৰ মানুহৰ মাজত সম্প্ৰীতিৰ মনোভাৱ গঢ়ি তুলিব নোৱাৰিলে সমন্বয় নহয়।[]
  4. আইনৰ শাসন অবিহনে অস্ত্ৰবলেৰে সমস্যাৰ সমাধান নহয়; ই গণতান্ত্ৰিক ব্যৱস্থাক কবৰ দিয়াৰ উপৰি ন ন সমস্যাৰহে সৃষ্টি কৰে।[]
  5. কৰ্মফলৰ পৰা কোনোৱে হাত সাৰিব নোৱাৰে। অলেখ পূজা-পাতল, যাগ-যজ্ঞইও কৰ্মফল প্ৰাপ্তিৰ পৰা কাকো ৰেহাই নিদিয়ে, অৰ্থাৎ যিয়ে যি গছৰ গুটি ৰোপণ কৰে তাৰেই ফল ভোগে।[]
  1. ১.০ ১.১ ১.২ ১.৩ ১.৪ অপূৰ্ব তালুকদাৰ। মহৎ লোকৰ বাণী। নিষ্ঠা প্ৰকাশন।
:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা:
pFad - Phonifier reborn

Pfad - The Proxy pFad of © 2024 Garber Painting. All rights reserved.

Note: This service is not intended for secure transactions such as banking, social media, email, or purchasing. Use at your own risk. We assume no liability whatsoever for broken pages.


Alternative Proxies:

Alternative Proxy

pFad Proxy

pFad v3 Proxy

pFad v4 Proxy