সমললৈ যাওক

এডল্ফ হিটলাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Adolf Hitlerৰ পৰা পুনঃনিৰ্দেশিত)
реальная фото форча

হিটলাৰ ১৯৩৭ চনত
জাৰ্মানীৰ ফ্যুৰ'ৰ
(Führer of Germany)
কাৰ্যকাল
২ আগষ্ট ১৯৩৪ – ৩০ এপ্ৰিল ১৯৪৫
পূৰ্বসূৰী প'ল ভন হিণ্ডেনবাৰ্গ
(ৰাষ্ট্ৰপতি হিচাপে)
উত্তৰসূৰী কাৰ্ল দনিটজ
(ৰাষ্ট্ৰপতি হিচাপে)
জাৰ্মানীৰ কুলাধিপতি
কাৰ্যকাল
৩০ জানুৱাৰী ১৯৩৩ – ৩০ এপ্ৰিল ১৯৪৫
ৰাষ্ট্ৰপতি প'ল ভন হিণ্ডেনবাৰ্গ
সহকাৰী
পূৰ্বসূৰী কাৰ্ল ভন স্কেলিচাৰ
উত্তৰসূৰী জোচেফ গয়েব্বেটচ
Reichsstatthalter of Prussia
কাৰ্যকাল
৩০ জানুৱাৰী ১৯৩৩ – ৩০ জানুৱাৰী ১৯৩৫
প্ৰধানমন্ত্ৰী
পূৰ্বসূৰী কাৰ্যালয় নিৰ্মাণ
উত্তৰসূৰী কাৰ্যালয় সমাপ্ত
ব্যক্তিগত তথ্য
জন্ম ২০ এপ্ৰিল, ১৮৮৯
ব্ৰাউনাউ আম ইন, অষ্ট্ৰিয়া-হাংগেৰী
মৃত্যু ৩০ এপ্ৰিল, ১৯৪৫ (৫৬ বছৰ)
বাৰ্লিন, নাজী জাৰ্মানী
মৃত্যুৰ কাৰণ আত্মহত্যা
ৰাষ্ট্ৰীয়তা
ৰাজনৈতিক দল নাজী পাৰ্টী (১৯২১–১৯৪৫)
আন ৰাজনৈতিক
সম্পৰ্ক
জাৰ্মান ৱৰ্কাৰ পাৰ্টী (১৯২০–১৯২১)
দাম্পত্যসঙ্গী ইভা ব্ৰাউন
(২৩–৩০ এপ্ৰিল ১৯৪৫)
পেচা ৰাজনীতিবিদ, সৈনিক, শিল্পী, লিখক
পুৰস্কাৰ
স্বাক্ষৰ
সামৰিক সেৱা
আনুগত্য  জাৰ্মানী
সেৱা/শাখা Reichsheer
চাকৰিৰ কাৰ্যকাল ১৯১৪–১৯১৮
ৰেঙ্ক গেফ্ৰেইটাৰ
ইউনিট 16th Bavarian Reserve Regiment
যুদ্ধ দ্বিতীয় বিশ্বযুদ্ধ

এডল্ফ হিটলাৰ (ইংৰাজী: Adolf Hitler; ২০ এপ্ৰিল ১৮৮৯  – ৩০ এপ্ৰিল ১৯৪৫) মানৱ ইতিহাসৰ সৰ্বাধিক বিতৰ্কিত লোক সকলৰ মাজৰ এজন, তৃতীয় ৰেইখৰ কালছোৱাত জাৰ্মানীৰ এজন ৰাজনীতিবিদ তথা নাজী দলৰ (National Socialist German Workers Party) নেতা আছিল। তেখেত আছিল দ্বিতীয় বিশ্বযুদ্ধৰ মূল হোতা আৰু ইহুদী গণহত্যাৰ কাৰক আছিল।

জন্ম আৰু ল'ৰালি

[সম্পাদনা কৰক]

১৮৮৯ চনৰ ২০ এপ্ৰিলত অষ্ট্ৰিয়াৰ ব্ৰাউনাউ আম ইনত হিটলাৰৰ জন্ম হয়। অষ্ট্ৰিয়াৰে লিনজ চহৰত তেওঁ শিক্ষা লাভ কৰে। সৰুকালত তেওঁ এজন চিত্ৰকৰ হবলৈ ইচ্ছা কৰিছিল, কিন্তু সেই উদ্দেশ্যত সফলকাম হব পৰা নাছিল। এই সময়ছোৱাত তেওঁ জীৱনধাৰণৰ বাবে নানান সৰুসুৰা কাম কৰিছিল বুলি জনা যায়। তেওঁ অষ্ট্ৰিয়াত থাকিলেও নিজকে জাৰ্মান নাগৰিক বুলিহে গণ্য কৰিছিল, আৰু অ-জাৰ্মান সকলক ঘৃণা কৰা আৰম্ভ কৰিছিল। ১৯১৩ চনত হিটলাৰে জাৰ্মানীৰ হৈ প্ৰথম বিশ্বযুদ্ধত অংশগ্ৰহণ কৰে। এই যুদ্ধত তেওঁ আঘাতপ্ৰাপ্তও হয়। যুদ্ধৰ পৰা ঘূৰি আহি হিটলাৰে এখন বিধ্বস্ত জাৰ্মানী দেখা পায়।

ৰাজনীতিত প্ৰৱেশ

[সম্পাদনা কৰক]

১৯২০ চনত হিটলাৰে নাজী নামেৰে পৰিচিত জাৰ্মান শ্ৰমিক দলত যোগদান কৰে। নাজী সকলে পৃথিৱীৰ সকলো জাৰ্মানকে একেলগ হৈ এখন শক্তিশালী জাৰ্মানী গঢ়ি তুলিবলৈ আহ্বান জনায়। খুব কৌশলী বক্তা হোৱাৰ সুবাদত সোনকালেই হিটলাৰে নাজীৰ নেতৃত্ব লাভ কৰে আৰু ইয়াৰ সদস্যৰ সংখ্যা তীব্ৰগতিত বঢ়াবলৈ সক্ষম হয়। হিটলাৰে লাহে লাহে এক সৈন্যদলো তৈয়াৰ কৰে আৰু এই সৈন্যৰ সহায়ত বাভাৰিয়ান চৰকাৰক ওফোৰাই পেলাবলৈ চেষ্টা কৰে। যদিও এই প্ৰচেষ্টা বিফল হয় আৰু হিটলাৰক কাৰাৰুদ্ধ কৰা হয়। কাৰাগাৰত থকা অৱস্থাতে তেওঁ মেইন কাম্ফ বা মোৰ সংগ্ৰাম নামৰ কিতাপ এখন লিখি উলিয়াই; য’ত তেওঁ এক শক্তিশালী জাৰ্মানী গঢ়ি তোলাৰ অৰ্থে নিজৰ পৰিকল্পনা সমূহ ব্যক্ত কৰে। কাৰাগাৰৰ পৰা ওলাই তেওঁ পুনৰ নাজী দলটোক সাংগঠনিক ভাৱে শক্তিশালী কৰি তোলাৰ চেষ্টাত ব্ৰতী হয়।

"Madame Tussauds London" সংগ্ৰহালয়ত থকা হিটলাৰৰ ম’মৰ প্ৰতিমূৰ্ত্তি

ৰাজনৈতিক ক্ষমতালাভ

[সম্পাদনা কৰক]

১৯৩০ চনত অৰ্থনৈতিক মন্দাৱস্থাই জাৰ্মানীক জুৰুলা কৰে আৰু এই সময়ছোৱাতে হিটলাৰৰ নাজী দল নিৰ্বাচনত জিকি ক্ষমতালৈ আহে। জাৰ্মানীৰ চাঞ্চেলৰ হোৱাৰ লগে লগে হিটলাৰে নিজৰ সাংবিধানিক ক্ষমতা বঢ়াই জাৰ্মানীৰ একচ্ছত্ৰী নেতা হিচাপে পৰিগণিত হয়, আৰু নিজকে ফুঁৱেৰাৰ বুলি পৰিচয় দিয়ে।

তৃতীয় ৰেইখ

[সম্পাদনা কৰক]

হিটলাৰৰ চৰকাৰক তৃতীয় ৰেইক বুলি জনা গৈছিল, আৰু এই ৰেইখে ব্যক্তি স্বাধীনতাৰ পোষকতা নকৰিছিল। নাগৰিক সকলৰ জীৱনৰ সকলো দিশেই ৰাষ্ট্ৰই নিয়ন্ত্ৰণ কৰিছিল। ফুঁৱেৰাৰ হিচাপে হিটলাৰে এজন নিকা আৰ্য্য জাৰ্মানী গঢ়ি তুলিবলৈ ইহুদী, নিগ্ৰো, জীপচী আৰু শাৰীৰিক আৰু মানসিক বিকাৰগ্ৰস্ত লোকসকলৰ পৰা পৃথীৱীখন মুক্ত কৰিব লাগিব বুলি জাৰ্মানীৰ জনগনক পতিয়ন নিয়াবলৈ সক্ষম হয়।

দ্বিত্বীয় বিশ্বযুদ্ধ

[সম্পাদনা কৰক]

হিটলাৰে ১৯৩৯ চনত পোলেণ্ড আক্ৰমণ কৰাৰ ফলশ্ৰুতিতেই দ্বিত্বীয় বিশ্বযুদ্ধৰ সূত্ৰপাত হয়। মানৱ ইতিহাসৰ সবাটোতকৈ ঘাটক এই মহাসমৰত পৃথিৱীৰ প্ৰায় সকলো দেশেই জড়িত হৈ পৰে। ১৯৪৫ চন মিত্ৰশক্তিয়ে সন্মিলিত প্ৰচেষ্টাৰে হিটলাৰৰ অগ্ৰাসনৰ অন্ত পেলায়।

বৈবাহিক জীৱন

[সম্পাদনা কৰক]

ৰাজহুৱা ভাৱে হিটলাৰে ঘোষণা কৰিছিল যে তেওঁ কোনো সম্বন্ধৰ বান্ধোনত নোসোমায়, আৰু নিজৰ জীৱন দেশৰ বাবে উছৰ্গা কৰিব। ১৯২৯ চনত তেওঁ ইভা ব্ৰাউন নামৰ এগৰাকী মহিলাক লগ পায় আৰু বহুদিন একেলগে কটোৱাৰ পিছত ১৯৪৫ চনত মৃত্যুৰ আগদিনা ইভাক বিবাহ কৰে। এই বংশৰ শেষ জীৱিত ব্যক্তি প’লা হিটলাৰৰ ১৯৬০ চনত মৃত্যু হয়।

দ্বিতীয় বিশ্বযুদ্ধত জাৰ্মানী আৰু ইয়াৰ মিত্ৰজোঁটৰ পৰাজয়ত হতাশ হৈ হিটলাৰে ১৯৪৫ চনৰ ৩০ এপ্ৰিলত ইভা ব্ৰাউনৰ সৈতে একেলগে আত্মহত্যা কৰে।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
উৎস

Online

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
pFad - Phonifier reborn

Pfad - The Proxy pFad of © 2024 Garber Painting. All rights reserved.

Note: This service is not intended for secure transactions such as banking, social media, email, or purchasing. Use at your own risk. We assume no liability whatsoever for broken pages.


Alternative Proxies:

Alternative Proxy

pFad Proxy

pFad v3 Proxy

pFad v4 Proxy