সমললৈ যাওক

আগিয়া মহাবিদ্যালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Agia Collegeৰ পৰা পুনঃনিৰ্দেশিত)
আগিয়া মহাবিদ্যালয়
মূলমন্ত্ৰ তমসো মা জ্যোতিৰ্গময়
স্থাপিত ২২ আগষ্ট ১৯৯৬
ধৰণ মহাবিদ্যালয়
অধ্যক্ষ ড° উৎপল দাস
স্থান আগিয়া, গোৱালপাৰা, অসম, ভাৰত ভাৰত
ভুক্তি গুৱাহাটী বিশ্ববিদ্যালয়
ৱেবছাইট agiacollege.co.in

আগিয়া মহাবিদ্যালয় (ইংৰাজী: Agia College) নামনি অসমৰ গোৱালপাৰা জিলাৰ অন্তৰ্গত আগিয়া আৰু সোলমাৰীৰ মাজত অৱস্থিত কলা শাখাৰ এখন উচ্চশিক্ষাৰ প্ৰতিষ্ঠান।[1] এই মহাবিদ্যালয়খন ১৯৯৬ চনৰ ২২ আগষ্ট তাৰিখে প্ৰতিষ্ঠা কৰা হৈছে।[1] মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত[2] আৰু ইয়াক ২০২১ চনত প্ৰাদেশিকীকৰণ কৰা হৈছে। মহাবিদ্যালয়খনৰ মূলমন্ত্ৰ হৈছে- “তমসো মা জ্যোতিৰ্গময়”।

প্ৰয়াত শ্ৰী মহেশ চন্দ্ৰ নাথৰ সভাপতিত্বত, সম্পাদক প্ৰয়াত শ্বহীদ ৰায় আৰু প্ৰয়াত ড° মনোজ কুমাৰ চক্ৰৱৰ্তীৰ অধ্যক্ষপদেৰে বৃহত্তৰ আগিয়াৰ স্থানীয় লোকসকলৰ প্ৰচেষ্টাত ১৯৯৬ চনৰ ২২ আগষ্ট তাৰিখে আগিয়া মহাবিদ্যালয়খন প্ৰতিষ্ঠা হয়। এই কলা শাখাৰ উচ্চশিক্ষাৰ প্ৰতিষ্ঠানখনত প্ৰথমে ৫জন প্ৰবক্তা আৰু ২৯জন শিক্ষাৰ্থী আছিল।

২০১৩-১৪ শিক্ষাবৰ্ষত মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত কৰা হৈছে আৰু ২০২১ চনত প্ৰাদেশিকীকৰণ কৰা হৈছে।[1]

বিভাগসমূহ

[সম্পাদনা কৰক]
  • অৰ্থনীতি
  • অসমীয়া
  • ইতিহাস
  • ইংৰাজী
  • ৰাজনীতি বিজ্ঞান
  • শিক্ষা

তথ্যসূত্ৰ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
pFad - Phonifier reborn

Pfad - The Proxy pFad of © 2024 Garber Painting. All rights reserved.

Note: This service is not intended for secure transactions such as banking, social media, email, or purchasing. Use at your own risk. We assume no liability whatsoever for broken pages.


Alternative Proxies:

Alternative Proxy

pFad Proxy

pFad v3 Proxy

pFad v4 Proxy